Skip to playerSkip to main contentSkip to footer
  • 4/16/2025
মৰাণ: পহিলা ব'হাগৰ নিশা দুলীয়াজানৰ নাওশলীয়াত অঘটন । দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে এটা চেনেলৰ সাংবাদিক তথা দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈৰ বাসগৃহত । শিলগুটি মাৰি আক্ৰমণ কৰাৰ ফলত সাংবাদিকগৰাকীৰ বাসগৃহ‌ৰ বিস্তৰ ক্ষতিসাধন হয় ।দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈয়ে জনোৱা মতে, নিশা সমনীয়াৰ সৈতে বিহু মাৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলে সাংবাদিকগৰাকীৰ ঘৰত আক্ৰমণ কৰে । পিছত ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । এই ঘটনাত দুলীয়াজানৰ সাংবাদিক মহলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে দুস্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।  কি কয় ভুক্তভোগীয়ে  ?মঙলবাৰে নাওশলীয়া আৰক্ষী চকীত সংঘটিত হোৱা এক উত্তপ্ত পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিছিল সাংবাদিকগৰাকীয়ে । তাৰ পিছতে ঘটনাটো সংঘটিত হোৱা বুলি সাংবাদিকগৰাকীয়ে আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত ব্য়ক্ত কৰে । এই সন্দৰ্ভত তেওঁ কয়," ব'হাগৰ প্ৰথম দিনটোতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হম বুলি ভবা নাছিলো । মই বিহু মাৰিবলৈ যোৱাৰ সময়তে পত্নীয়ে ফোন কৰি ঘৰ ভাঙি দিয়াৰ কথা অৱগত কৰে । দিনত নাওশলীয়া আৰক্ষী চকীত সংঘটিত হোৱা এক উত্তপ্ত পৰিস্থিতিৰ বাতৰি কৰিছিলো । সেই ঘটনাৰ আলম লৈ মোৰ ঘৰত আক্ৰমণ কৰা বুলি অনুভৱ কৰিছো । সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰি গৈছো । সাংবাদিক হিচাপে এনেকুৱা ঘটনাৰ সন্মুখীন হৈ আচৰিত হৈছো ।"লগতে পঢ়ক:গৰুবিহুৰ দিনটোতে ১৭ টাকৈ দুৰ্ঘটনা, নিহত দুই: বন্য়হস্তীয়েও প্ৰাণ ল'লে এজনৰ - ROAD ACCIDENT IN GOLAGHATনিশা ছাত্ৰনেতাক দলবদ্ধ আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষমা খোজাৰ দাবী আছুৰ - GANG ATTACK ON AASU LEADER

Category

🗞
News
Transcript
00:00Thank you for listening.

Recommended