১৫ কোটিৰ গাঞ্জা জব্দ||Ganja Seized In Jorabat

  • 2 years ago
এইবাৰ জব্দ হ'ল ২৫০০ কেজি ওজনৰ অতি উচ্চ মানৰ মণিপুৰী গাঞ্জা।

আদাৰ বস্তাত লুকুৱাই আনিছিল ১৫ কোটি টকা মূল্যৰ এই বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জাখিনি।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে।


যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই
এইচআৰ-৩৮-টী-২৯১৩ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে।

জব্দকৃত ২৫০০ কেজি ওজনৰ গাঞ্জাখিনিৰ বজাৰ মূল্য ১৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গাঞ্জা সৰবৰাহকাৰী দুজন হাৰিয়ানাৰ অশোক কুমাৰ আৰু উত্তৰাখণ্ডৰ ভূপেন্দ্ৰ সিঙ বুলি চিনাক্ত কৰা হৈছে।

গাঞ্জা সৰবৰাহকাৰী দুজনে অতি কৌশলেৰে ট্ৰাকখনত আদাৰ বস্তাৰ মাজত গাঞ্জাখিনি লুকুৱাই আনিছিল।


দেশৰ অন্য প্ৰান্তলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে গাঞ্জাখিনি মণিপুৰীৰ পৰা অনা হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।